সমললৈ যাওক

গোলাঘাট জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া:চমু প্ৰবন্ধ এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক

গোলাঘাট জিলা
অসমত গোলাঘাটৰ অৱস্থান
অসমত গোলাঘাটৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ উজনি অসম
স্থাপিত ১৫ আগষ্ট ১৯৮৭ (1987-08-15)
সদৰ গোলাঘাট
মহকুমা গোলাঘাট, বোকাখাত, ধনশিৰী
চৰকাৰ
 • লোকসভা সমষ্টি কাজিৰঙা
 • বিধানসভা সমষ্টি বোকাখাত , সৰুপথাৰ , গোলাঘাট ,খুমটাই , দেৰগাঁও
কালি
 • মুঠ 3,502 km2 (1,352 sq mi)
জনসংখ্যা
 (2011)[1]
 • মুঠ 10,66,888
 • ঘনত্ব 300/km2 (790/sq mi)

গোলাঘাট জিলা অসমৰ ৩৫খন জিলাৰ ভিতৰত অন্যতম। জিলাৰ সদৰ ঠাই গোলাঘাট নগৰ। এই জিলাৰ ৪ খন উপজিলা আছে- খুমটাই, দেৰগাঁও, বোকাখাট, সৰুপথাৰ। এ[1]ই জিলাৰ মহকুমা হ'ল গোলাঘাট, ধনশিৰী, বোকাখাত। জিলাখনৰ মাটিকালি ৩,৫০২ কিলোমিটাৰ। ১৯৮৭ চনত জিলা ঘোষিত হোৱা এই জিলাৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ১০,৬৬,৮৮৮ জন। ইয়াৰে ৫,৪৩,১৬১ জন পুৰুষ আৰু ৫,২৩,৭২৭ গৰাকি মহিলা।[1]

গোলাঘাট নামৰ উৎপত্তি

[সম্পাদনা কৰক]

গোলাঘাট নামৰ উ‍ৎপত্তিৰ এক কাহিনী আছে। ১৯ শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰী নৈৰ ঘাটৰ কাষতে 'গোলা' অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ়লৈ উঠে। তদুপৰি আন এক প্ৰবাদ অনুসৰি ধনশিৰী নৈৰ ঘাটত আহোমসকলৰ গোলা-বাৰুদ থোৱা ঘৰ আছিল কাৰণে এই ঘাটটোৰ নাম গোলাঘাট হয়গৈ। পূৰ্বতে গোলাঘাটক টোপোলা ঘাট বা টোপোলা চাপৰি নামেৰেও জনা গৈছিল। ধনশিৰী নদীখন গোলাঘটীয়া ৰাইজৰ বোঁৱতী জীৱন ৰেখা স্বৰূপ। আহোমসকলৰ পূৰ্বে গোলাঘাট কছাৰী ৰাজ্যৰ অধীনত আছিল। অসমীয়া সমাজ জীৱনৰ কেইবাজনো খ্যাতিমান ব্যক্তিয়ে এই গোলাঘাটতে জন্ম লাভ কৰিছিল। গোলাঘাটত প্ৰধানকৈ চুতীয়া আৰু ঠেঙাল কছাৰীসকলৰ স্বকীয় সংস্কৃতি দেখিবলৈ পোৱা যায়।।[2]

সৰুপথাৰৰ নগাজৰী খনিকৰ গাঁৱত পোৱা ৫ম শতিকাৰ শিলালিপিৰ পৰা বুজা যায় যে সেই সময়ত দৈয়াং-ধনশিৰী উপত্যকাত এক স্বাধীন ৰাজ্য আছিল। আকৌ এই অংশত পোৱা নানান ইটাৰে নিৰ্মিত ভৱন, মঠ-মন্দিৰ আদিৰ ধংসাৱশেষ আদিয়ে ৯ম-১০ম শতিকাৰ এখন ৰাজ্যৰ উমান দিয়ে।

১৬ শতিকাত এই দৈয়াং-ধনশিৰী উপত্যকা আহোম ৰাজ্যত চামিল হয়। আহোমসকলে এই ঠাই কছাৰীসকলৰ পৰা দখল কৰে। আহোমৰ ৰাজত্বকালত এই ঠাইৰ শাসনৰ দায়িত্ব মৰঙীখোৱা গোহাঁইৰ আছিল।[2]

গোলাঘাট জিলা গঠন

ইংৰাজ শাসনকালত এই দৈয়াং-ধনশিৰী উপত্যকা বৃহত্তৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত আছিল। ১৯৮৭ চনৰ ১৫ আগষ্টত গোলাঘাটক এখন জিলা ঘোষণা কৰা হয়।[2]

প্ৰশাসনিক বিভাজন

[সম্পাদনা কৰক]

গোলাঘাট জিলাখন চাৰিটা অসম বিধানসভা সমষ্টিৰ অন্তৰ্গত: বোকাখাত , দেৰগাঁও , সৰুপথাৰ , গোলাঘাট আৰু খুমটাই[3] এই চাৰিওটা সমষ্টি কাজিৰঙা লোকসভাৰ অন্তৰ্গত।[4]

বনাঞ্চল

[সম্পাদনা কৰক]

বনজ সম্পদত গোলাঘাট জিলা চহকী। ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গৰমপানী অভয়াৰণ্য আৰু নামবৰ দৈগ্ৰুং অভয়াৰণ্য অৱস্থিত। এশিঙীয়া গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেনদ্ৰ। কাজিৰঙাৰ মুঠ মাটিকালি ৩৭৮ বৰ্গ কি.মি. আৰু অধিকাংশই গোলাঘাট জিলাৰ অন্তৰ্গত। ৯৭.১৫ বৰ্গ-কিলোমিটাৰ আগুৰা নামবৰ দৈগ্ৰুং অভয়াৰণ্য গৰমপানীৰ উঁহৰ বাবে বিখ্যাত।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "Census Golaghat". censusindia.co.in. http://www.census2011.co.in/census/district/152-golaghat.html। আহৰণ কৰা হৈছে: January 14, 2012. 
  2. 2.0 2.1 2.2 "গোলাঘাটৰ ইতিসাহ". http://golaghat.gov.in/history.htm। আহৰণ কৰা হৈছে: June 24, 2012. 
  3. "List of Assembly Constituencies showing their Revenue & Election District wise break - up". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/Gen_Informations/2.1%20-%20DEOs%20wise%20ACs%20breakup.pdf। আহৰণ কৰা হৈছে: 26 September 2011. 
  4. "List of Assembly Constituencies showing their Parliamentary Constituencies wise break - up". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/Gen_Informations/2.2%20-%20PC-wise%20LAC%20breakup.pdf। আহৰণ কৰা হৈছে: 26 September 2011. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]